সৰ্বদিশতে অৱহেলিত জনিয়াৰ সাঁওৰাচৰা পাথাৰবাসী : নিৰ্বাচন আহিলে গাওঁবাসীৰ কথা মনত পৰে জনপ্ৰতিনিধিৰ ।

বাঘবৰ ২১ মাৰ্চ : সৰ্বদিশতে অৱহেলিত বৰপেটাৰ জনিয়াৰ সাঁওৰাচৰা পাথাৰৰ গঞা। জানিব পৰা মতে , জিলাখনৰ বাঘবৰৰ নিকটৱৰ্তী জনিয়া সমষ্টিৰ সাঁওৰাচৰা পাথাৰ গাৱৰ ৰাইজে বছৰ পিছত বছৰ ধৰি স্বাস্থ্য সেৱা , ৰাস্তা ঘাট , বিশুদ্ধ খোৱা পানী , আদি কৰি বিভিন্ন সমস্যাৰে আজিও জৰ্জৰিত হৈ আছে। উল্লেখ্য যে , উক্ত গাঁওখনৰ মাজেৰে বৈ যোৱা একমাত্ৰ ৰাস্তাখন স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে জৰাজীৰ্ণ অৱস্থাত আছে ।

ৰাস্তাৰ দুৰবস্থা

মাজে সময়ে ৰাস্তা খন মেৰামতি বাবে লাখ লাখ টকা আৱন্টন হৈছে যদিও সেৱাও সঠিক ভাবে ৰূপায়ন নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । আজিও গাঁওবাসীয়ে বিধ্বস্ত বাট পথেৰে চলাচল কৰিবলগীয়া হৈছে । বাৰিষাৰ সময়ত সৰু তুলুঙা নাৱেই হৈছে গাওঁবাসীৰ যাতায়তৰ মাধ্যম । ইপিনে গাওঁখনৰ ৰাস্তা জৰাজীৰ্ণ হোৱা বাবে এম্বুলেন্স সেৱাৰ পৰাও বঞ্চিত হৈ আছে গঞাই । ফলস্বৰূপে ৰোগীক কেতিয়াবা সাঙীত কৰি স্বাস্থ্য কেন্দ্ৰলৈ নিৱলগীয়া হয় । ইয়াৰ উপৰিও গাঁওখনলৈ নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা । ইফালে গাওঁখনত এখন প্ৰাথমিক বিদ্যালয় আছে যদিও উচ্চ শিক্ষাৰ বাবে ল’ৰা ছোৱালীয়ে নাৱেৰে বেঁকী নদী পাৰ হৈ অতি কষ্টৰে যাবলগীয়া হোৱাত বহু ল’ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ফলত সৰ্বদিশতে অৱহেলিত হৈ আছে গাওঁখনৰ ৰাইজ । বাৰিষা আহিলে গাঁওখনৰ পৰা বেঁকী নদীৰ বুকুত জাহ যায় বহু পৰিয়ালৰ ভেটি-মাটি । কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ আজিলৈকে চৰকাৰ , জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ কৰিছে ৰাইজে । স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় , কেৱল নিৰ্বাচনৰ সময়তহে মনত পৰে গাওঁবাসীৰ কথা । লগতে আজিলৈকে স্থানীয় বিধায়কে আব্দুল খালেকেও গাওঁবাসীৰ সমস্যাৰ বিষয়ে গুৰুত্ব দিয়াতো দূৰৰে কথা আজিলৈকে গাওঁখনত বিধায়ক গৰাকীক ৰাইজে দেখা নোপোৱাৰ কথাও উল্লেখ কৰে । ফলস্বৰূপে বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সচেতন মহলে । অৱশেষত পৰিৱৰ্তন কামী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই গাওঁবাসীৰ সমস্যা সমূ্হৰ প্ৰতি গুৰুত্ব দিবলৈ চৰকাৰ, জনপ্ৰতিনিধিৰ ওচৰত ৰাইজে দাবী জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *