বিশ্ব জল দিৱসৰ দিনাই উন্মোচিত হ’ল ভয়ংকৰ ছবি । মাটি গাত খান্দি দূষিত পানী সেৱন কলগাছিয়াৰ খাৰবাল্লীবাসীৰ

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ নৈপৰীয়া অঞ্চলটোৰ গঞাৰ । চৰকাৰ , জনপ্ৰতিনিধিৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।

২২ মাৰ্চ : আজি বিশ্ব জল দিৱস । পানীয়েই জীৱৰ প্ৰাণ । পানীৰ গুৰুত্ব বুজাবলৈ ১৯৯৩ চনৰ পৰা বিশ্ববাসীয়ে পালন কৰি আহিছে বিশ্ব জল দিৱস । কিন্তু বিশ্ব জল দিৱসৰ দিনাই বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লীৰ বেকী নৈৰ চৰত মাটিত গাত খান্দি দূষিত পানী সেৱন কৰাৰ ভয়ংকৰ ছবি বন্দী হ’ল আমাৰ কেমেৰাত ।

এনে বিজাণু যুক্ত দূষিত পানী সেৱন কৰি নানা বেমাৰত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে নৈপৰীয়া অঞ্চলটোৰ ৰাইজে । ফলত এনে দুৰ্দশা দেখি কলগাছিয়াৰ হেল্পলাইন ফাউণ্ডেচন নামৰ এক সেচ্ছাসেৱী সংগঠনে “বিশ্ব জল দিৱস” পালনৰ জড়িয়তে বিশুদ্ধ পানী সেৱন কৰিবলৈ সজাগ কৰে ৰাইজক ।

সংগঠনটোৱে চৰে চৰে, ঘৰে ঘৰে গৈ কিদৰে পানী ফিল্টাৰ কৰি, উতলাই সেৱন কৰিব লাগে, সেই সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে । উল্লেখ্য যে, ভাৰত স্বাধীন হোৱাৰ পৰাই অসমৰ চৰ চাপৰি অঞ্চলত আজিলৈকে খোৱাপানীৰ সমস্যা সমাধান নহল । সম্প্ৰতি সমাগত লোকসভা নির্বাচন কাষ চাপি আহিছে যদিও আজিও এটুপাল খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে গাওঁখনৰ ৰাইজে । নেতা আহিছে, নেতা গৈছে কিন্তু কোনেও খোৱাপানীৰ ব্যৱস্থা কৰা নাই, ফলত সমাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ভোটাৰ ৰাইজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *