বাঘবৰত বেঁকীৰ ভয়াবহ গৰাখহনীয়া । নৈপৰীয়া লোকৰ মাজত হাহাকাৰ । আতংকিত কেইবাখনো গাৱৰ জনতা ।

২৩ মাৰ্চ : বৰপেটা জিলাৰ বাঘবৰত বৰ্তমানেও বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়া অব্যাহত �আছে । খহনীয়াত নিদ্ৰা হৰিছে নৈপৰীয়া বহু পৰিয়ালৰ । নৈখনত মাটি ভেটি হেৰুৱা গৃহহীন পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা । জানিব পৰামতে , জিলাখনৰ বাঘবৰ সমষ্টিৰ মৰাভাজ গাঁৱত কেইবছৰ ধৰি ভয়াবহ গৰাখহনীয়াৰ ফলত শ শ পৰিয়ালৰ ভেটি মাটি ইতিমধ্যে বেঁকী নৈৰ বুকুত বিলীন হৈছে । জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি । বৰ্তমানে সেউৰাৰভিটা গাৱতো আৰম্ভ হৈ গৰা খহনীয়া । গাওঁখন ৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি গাওঁবাসীয়ে দাবী উত্থাপন কৰি অহাৰ পিছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এলেকাবাসীৰ দুৰ্দশাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ দীৰ্ঘদিনৰ ।

ইপিনে বৰ্তমানৰ জাতি মাটি ভেটি আৰু উন্নয়নৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ ওচৰতো ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে দাবী কৰি আহিছে । কিন্তু আজি পৰ্যন্ত গাওঁখন ৰক্ষাৰ বাবে পৰ্যাপ্ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা দেখা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । জানিব পৰামতে , অলপতে এম জি এনৰেগা আঁচনিৰ অধীনত প্ৰায় ৪০ লাখ টকা আৱন্টিত হৈছে । কেইদিনমান পূৰ্বে বাঁহেৰে আৰম্ভ কৰিছে যদিও কামটো লেহেমীয়া গতিত চলাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে । যাৰ ফলত আজিও গাওঁখনত বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়া অব্যাহত আছে । ফলস্বৰূপে নৈ কাষৰীয়া বহু ভোক্তভোগী পৰিয়ালৰ নিশাৰ নিদ্ৰা হৰিছে ।

খহনীয়াত গৃহহীন পৰিয়ালৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে বহু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈও নৈখনে চৰম ভাবুকি কঢ়িয়াই আনিছে । ফলত বেঁকী নৈৰ কবলৰ পৰা পৰ্যাপ্ত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি এলেকাটো ৰক্ষা কৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰৰ লগতে জনপ্ৰতিনিধিৰ ওচৰত ভোক্তভোগী লোকে দাবী জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *