বাঘবৰত বেঁকীৰ প্ৰৱল গৰাখহনীয়াই আতংকিত নৈপৰীয়া গঞা

 

নিজা সংগ্ৰহ ৭ মে : সমাগত বাৰিষা । উফন্দি উঠিছে বেঁকী নৈৰ জলস্তৰ । লগে লগে আৰম্ভ হৈছে নৈ সমূহৰ গৰাখহনীয়া । আতংকিত নৈপৰীয়া গঞা । বৰপেটা জিলাৰ বাঘবৰৰ কেইবাখনো গাৱত বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াই ৰুদ্ৰমুৰ্তি ধাৰণ কৰিছে । জানিব পৰামতে , জিলাখনৰ বাঘবৰ সমষ্টিৰ মৰাভাজ গাৱত কেইবছৰ ধৰি ভয়াবহ গৰাখহনীয়াৰ ফলত শ শ পৰিয়ালৰ ভেটি মাটি ইতিমধ্যে বেঁকী নৈৰ বুকুত বিলীন হৈছে । জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি ।মৰাভাজ গাওঁখন বেঁকী নৈৰ গৰাখহনীয়াই নিশ্চিহ্ন হোৱাৰ পিছতেই বৰ্তমান পাৰ্শ্বৱৰ্তী গাওঁ সেউৰাৰভিটাতো আৰম্ভ হৈছে বেঁকীৰ ভয়ংকৰ খহনীয়া । মৰাভাজ চৰতো চপৰা চপৰে খহিছে গৰা । নৈৰ বুকুত জাহ গৈছে বিঘাই বিঘাই সপোনৰ কৃষিভূমি । ফলত নৈখনৰ প্ৰৱল গৰাখহনীয়া দেখি নৈ কাষৰীয়া বহু পৰিয়ালে আতংকিত হৈ পৰিছে । বহু পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে । কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ জাতি মাটি ভেটি আৰু উন্নয়নৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ ওচৰত ৰাইজে দীৰ্ঘ দিন ধৰি খহনীয়া প্ৰতিৰোধৰ বাবে দাবী কৰি আহিছে । কিন্তু আজি পৰ্যন্ত গাওঁখন ৰক্ষাৰ বাবে গৰাখহনীয়া প্ৰতিৰোধৰ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ বহু পৰিয়াল যে নৈখনৰ বুকুত বিলীন হ’ব তাৰ সম্ভাৱনা দেখা দিছে । অৱশ্যে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে কেইবা লাখ টকা আৱন্টন হৈছে । কিছু পৰিমাণে বাঁহৰে কাম কৰিছে যদিও সেয়াও গৰাখহনীয়া প্ৰতিৰোধৰ পৰ্যাপ্ত নহয় বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে । ইপিনে বহু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈও নৈখনে চৰম ভাবুকি কঢ়িয়াই আনিছে । ফলত স্বাধীনতাৰ পূৰ্বৰ ইখনৰ পিছত সিখনকৈ গাওঁ বেঁকী নৈৰ কবলত পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *