নৈপুৰীয়া গঞাৰ মাজত হাহাকাৰ : বৰপেটাৰ বৰভিঠাত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া ।

নিজা সংগ্ৰহ ৩০মে : বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ

অন্তৰ্গত বৰভিঠা গাঁৱত দীৰ্ঘদিন ধৰি চলি থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ ভেটি মাটি উছন হোৱাৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বিগত এমাহ ধৰি বৰভিঠা গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ভয়াবহ ৰূপ ধাৰণ কৰিছে। চপৰা চপৰে খহিছে গৰা। বিগত চাৰিদিনত কুৰিটাৰো অধিক পৰিয়ালে নিজৰ বাসগৃহ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে। লগতে শ শ বিঘা মৰাপাটকে ধৰি অন্যান্য খেতি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এনেকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই অসমৰ মানচিত্ৰৰ পৰা ঐতিহাসিক বৰভিঠা গাঁও নিচিহ্ন হৈ যাব তাত কোনো সন্দেহ নাই।
চেঙা সমষ্টিৰ বহৰি, পদ্মপাৰা, বৰভিঠা, বালাট্টাৰী, চেনিমাৰী, ৰৌমাৰী গাঁও, ৰৌমাৰী পাথাৰত তীব্ৰ গৰাখহনীয়া চলি আছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত আছে জনপ্ৰতিনিধি আৰু জলসম্পদ বিভাগ স্থানীয় লোকে বিধায়ক শুকুৰ আলী আহমেদৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে বিধায়ক শুকুৰ আলী আহমেদে গৰাখহনীয়া প্ৰতিৰোধৰ নামত একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *