বৰপেটাৰ সৰুক্ষেত্ৰীত বানৰ তাণ্ডৱ :বাট-পথ ছিঙি বিছিন্ন যাতায়ত

নিজা সংগ্ৰহ ৩০ জুন :বিগত কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত উফন্দি উঠিছে বৰপেটা অঞ্চলৰ নৈ উপনৈসমূহ জলস্তৰ । বৰপেটা জিলাৰ পহুমাৰা- কালদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰাইছে সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চল।

যাৰ ফলত একপ্ৰকাৰ যাতায়ত বিচ্ছিন্ন হৈ সৰুক্ষেত্ৰী সমষ্টিৰ ভক্তৰদবা আদি বিভিন্ন অঞ্চলৰ ৰাইজৰ।
ঠায়ে ঠায়ে পথৰ ওপৰেৰে বাগৰিছে পানী, যাৰ ফলত যাতায়ত বিপদসংকুল বাবে পাৰাপাৰ অব্যাহত ৰাখিছে গঞা । এলেকাটোৰ মাথাউৰি ছিগি যোৱাৰো উপক্ৰম হৈছে । বাঢ়নী পানীয়ে বুৰাই পেলাইছে কয়াকুছি ভক্তৰডবা অঞ্চলৰ বহু ফিচাৰীৰ লগতে বিস্তৃত খেতিপথাৰ। আবতৰীয়া বানৰ ফলত মৎস্যজীৱী আৰু কৃষিজীৱী লোকসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *