বাঘবৰৰ পশ্চিম ছয়সীমানাত জলজলী নদীৰ ভয়াবহ গৰাখহনীয়া । নদীৰ বুকুত বিলীন শতাধিক পৰিয়ালৰ ভেটি মাটি । খহনীয়া প্ৰতিৰোধৰ গুৰুত্ব নাই চৰকাৰ , জনপ্ৰতিনিধিৰ

নিজা প্ৰতিবেদক : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কদমতলাত জলজলী নদীৰ বিধ্বংসী গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ।
গঞাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । জানিব পৰা মতে , জিলাখনৰ বাঘবৰ সমষ্টিৰ কদমতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ছয়সীমানা গাঁৱত দীৰ্ঘদিন ধৰি জলজলী নদীয়ে ভয়াবহ গৰাখহনীয়া অব্যাহত ৰাখিছে ধাৰণ কৰিছে । নৈখনৰ প্ৰৱল গৰাখহনীয়াই ইতিমধ্যে শতাধিক পৰিয়ালৰ ভেটি-মাটিৰ উপৰিও হেজাৰ, হেজাৰ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈছে । বৰ্তমানেও নৈখনৰ ভয়াবহ খহনীয়া অব্যাহত থকাত অঞ্চলবাসীয়ে হাহাকাৰ কৰিছে । ইখনৰ পিছত সিখনকৈ কৃষিজীৱি পৰিয়াল নৈৰ বুকুত জাহ গৈছে । বিভিন্ন ধৰণৰ শাক- পাচলি খেতি, বাদাম আদি খেতি নৈৰ বুকুত বিলীন হৈছে । জাহ যোৱাৰ উপক্ৰম হৈছে অঞ্চলটোৰ ধৰ্মীয় মজিদ । বহু পৰিয়ালে আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে । গৃহহীন বহু পৰিয়ালে আকৌ মাটি ভেটি হেৰুৱাই আনৰ মাটিত খেতি পথাৰতে আশ্ৰয় লৈছে । কিন্তু গাওখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যেন কোনো গুৰুত্বই নাই চৰকাৰ ,জনপ্ৰতিনিধিৰ । যাৰ ফলত বিধায়ক শ্বেৰমান আলীসহ পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই গাওঁখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ গাওঁবাসীয়ে দাবী জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *